গুৱাহাটীত পুনৰ Lockdown ৰ ওপৰত কি ক'লে Dr. Himanta Biswa Sarma ই ??

দিনক দিনে গুৱাহাটীত বৃদ্ধি পোৱা কোৰোনা আক্ৰান্তৰ সংখ্যালৈ চাই বহুতে আশংকা কৰিছে যে গুৱাহাটীত পুনৰ লকডাউন প্ৰযোজ্য কৰা হব নেকি! এই সন্দৰ্ভত শনিবাৰৰ সংবাদমেলত স্পষ্ট কৰি দিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ জনায় যে, গুৱাহাটীত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও সুদীৰ্ঘ লকডাউনৰ পাছত বহুলোকৰ জীৱিকা আৰম্ভ হৈছে। গতিকে ততাতৈয়াকৈ লকডাউন প্ৰযোজ্যৰ কথা ভৱা নাই।

তেওঁ জনায় যে, আগন্তুক ১৫দিনৰ ভিতৰত গুৱাহাটীত ৫০ হাজাৰ কোৰোনা টেষ্ট সম্পন্ন কৰা হব। তাৰ বাবে গুৱাহাটীৰ জি এম চি এইচৰ লগতে ১২খন হস্পিতাল নমুনা দানৰ বাবে ঠিক কৰিছে চৰকাৰে। এই ৫০হাজাৰ টেষ্টৰ ভিতৰত যদি প্ৰায় ৫০০লোক কোৰোনাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে তেতিয়াহে গুৱাহাটীত লকডাউন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লব চৰকাৰে। অৰ্থনৈতিক অৱস্থালৈ চাই এই সিদ্ধান্ত গ্ৰহণ কৰাটো অতিকৈ জৰুৰী বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

Comments

Popular posts from this blog

CSK VS MI : Dream 11 IPL 2020 just to start

DECT, Assam Recruitment 2020 : 444 Grade III And Grade IV Vacancy