কাশ্মীৰৰ উৰী ছেক্টৰত শুকুৰবাৰে পাকিস্তানে চলাই গুলীবৰ্ষণ ।। নিহত এজন।।


কাশ্মীৰৰ উৰী ছেক্টৰত শুকুৰবাৰে পাকিস্তানে চলাই গুলীবৰ্ষণ। এই গুলীবৰ্ষণত প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই। লগতে আন এজন লোক আহত হয়। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি পাক সেনাই বিনা কাৰণত যুদ্ধবিৰতি উলংঘন কৰে। পাকিস্তানৰ ফালৰ পৰা মৰ্টাৰ আৰু আন অস্ত্ৰৰ দ্বাৰা আক্ৰমণ চলোৱা হয় উৰী ছেক্টৰত।ভাৰতীয় সেনা বাহিনীয়ে পাকিস্তানক দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ। উল্লেখ্য যে, ইয়াৰ পূৰ্বে পাকিস্তানে কাশ্মীৰৰ বাৰামুলাৰ ৰামপুৰ ছেক্টৰোত যুদ্ধবিৰতি উলংঘা কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ প্ৰব্যক্তাই কয় যে, ১২ জুনৰ পুৱা পাকিস্তানে বাৰামুলাৰ ৰামপুৰ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত আক্ৰমণ চলাই যুদ্ধবিৰতি উলংঘা কৰিছে।


Comments

Popular posts from this blog

CSK VS MI : Dream 11 IPL 2020 just to start

DECT, Assam Recruitment 2020 : 444 Grade III And Grade IV Vacancy