আৰক্ষীয়ে উলিয়াইছে সুশান্তৰ আত্মহত্যাৰ আচঁল কাৰণ !


সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত মুম্বাই আৰক্ষীৰ তিনিটাকৈ টীমে অব্যাহত ৰাখিছে তদন্ত। ইতিমধ্যে সুশান্তৰ আত্মহত্যাৰ কাৰনৰ সন্দৰ্ভত বহুলোকক আৰক্ষীয়ে জেৰা কৰিছে আৰু বহুলোকক জেৰা কৰাৰ বাবে মাতিয়ো পঠাইছে।

দেওবাৰে এই বিষয়ৰ সন্দৰ্ভত আৰক্ষীয়ে সোধা পোছা কৰে অভিনেত্ৰী সঞ্জনা সান্ধীক। উল্লেখ্য যে, সুশান্তৰ শেষৰ খন ছবি ‘দিল বেচেৰা’ত সহঅভিনেত্ৰী হিচাপে আছে সঞ্জনা। সঞ্জনাক ধৰি আৰক্ষীয়ে সুশান্তৰ আত্মহত্যাৰ সন্দৰ্ভত এতিয়ালৈকে ২৭গৰাকী লোকক জেৰা কৰিছে।

আৰক্ষীৰ এক সূত্ৰৰ খবৰ অনুসৰি, ১৪জুনৰ পৰা ২৭জুনৰ লৈকে আৰক্ষীয়ে বহুখিনি তথ্য যুগুত কৰিছে। আৰক্ষীয়ে ইতিমধ্যে সুশান্তৰ আত্মহত্যাৰ কাৰন ধৰিব পাৰিছে আৰু তেওঁ কিয় মানসিকভাৱে ভাগি পৰিছিল তাৰ বহুবোৰ কাৰন পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীয়ে জেৰা কৰা ২৭গৰাকীৰ ভাষ্য অনুসৰি, সুশান্ত সামাজিক মৰ্যদাক লৈ খুবেই চিন্তিত হৈ আছিল আৰু তেওঁৰ সৈতে কোনো কোনোৱে ষড়যন্ত্ৰ ৰচা বুলিও ভাৱিছিল।

Comments

Popular posts from this blog

CSK VS MI : Dream 11 IPL 2020 just to start

DECT, Assam Recruitment 2020 : 444 Grade III And Grade IV Vacancy